sangbad lahar logo

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী ৷

সাগৰ সংগমত কতনা সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত ,

তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ উর্মিমালা অশান্ত ৷

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ৰাজ্যজুৰি সুধাকন্ঠ গৰাকীক স্মৰণ গুণমুগ্ধৰ ৷ সুৰ, সংগীত আৰু মহান ব্যক্তিত্বৰে অসমীয়া সমাজ জীৱনক প্ৰতি নিয়ত উদ্বুদ্ধ কৰি ৰখা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯২৬চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল এইগৰাকী মহান শিল্পীৰ ৷ তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তি প্ৰিয়া হাজৰিকা ৷পৰিয়ালৰ দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা ৷ সংস্কৃতিবান পৰিয়ালটোৰ ভাতৃ-ভগ্নীসকলৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে অসমৰ সংগীত জগতত এক সুকীয়া পৰিচয় ৷
অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই গীত-বোলছবিৰ জৰিয়তে দি গ’ল এক মেটমৰা সম্ভাৰ ৷ আজি দশম সংখ্যক মৃত্যু দিৱসত এইগৰাকী মহান শিল্পীক সংবাদ লহৰ’ৰ তৰফৰ পৰাও জ্ঞাপন কৰিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *