sangbad lahar logo

আজি ষষ্ঠী, পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ প্ৰতিমা।

আয়তীৰ উৰুলি আৰু শংখ ধ্বন্নিৰ মাজত মন্ত্ৰোচ্চাৰণেৰে সম্পন্ন হ’ব বেলবৰণ

আজি সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱী দুর্গাক প্রতিষ্ঠা কৰাৰ লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ৷ পুৰোহিতৰ মন্ত্রোচচাৰণ আৰু আয়তীৰ উৰুলিৰ মাজেৰে আজি দেৱী দুর্গাৰ যথাবিহিত ষষ্ঠী পূজা সম্পন্ন কৰা হ’ব৷

নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হয়।

ৰাজ্যৰ চৌদিশে এতিয়া সেয়ে পূজাৰ ব্যস্ততা। ষষ্ঠীৰ পুৱা আৰম্ভ হয় দেৱী দূর্গাৰ কাত্যায়নী ৰূপত যথাবিহীত পূজা আৰাধনা। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ’ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ’ব মা দেৱী দুৰ্গাৰ প্ৰতিমা। দেৱীৰ বন্দনাৰে মুখৰিত হ’ব ৰাজ্য তথা দেশৰ আকাশ বতাহ।

ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত। দেৱী পূজাৰ অন্তত সম্পাদন হ’ব দশমীৰ বিহিত পূজা আৰু দেৱী বিসৰ্জন। যুগে যুগে চলি আহিছে এই ধাৰা। এইবাৰো শাৰদীয় দেৱী পূজাৰ বেদীৰ সন্মুখত প্ৰণিপাত কৰি ভক্তই আৰাধনা কৰিব- ‘যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা, নমঃস্তস্যৈ নমঃস্তস্যৈ নমঃস্তস্যৈ নমো নমঃ।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *