
সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত লতাই দেউতাকৰ মৃত্যুৰ পাছত অনিচ্ছা সত্ত্বেও কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল৷ তেওঁ অভিনয় কৰা প্ৰথমখন কথাছবি আছিল “পাহিলী মংগলাগৌৰ”৷ ১৯৪৭ চনত চিত্ৰনিৰ্মাতা বসন্ত যোগলেকাৰে তেওঁৰ নিজৰ ছবি “আপ্কী সেৱা”ত এটি গীত গোৱাৰ সুযোগ দিয়ে৷ গীতটোৱে বিশেষ চৰ্চা লাভ কৰে৷ ইয়াৰ পাছত “মজবুৰ” নামৰ কথাছবিখনত দুটা গীত গাই লতাজীয়ে নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হয়৷ ১৯৪৯ চনত “মহল” কথাছবিখনত “আয়েগা আনেৱালা” শীৰ্ষক গীতটোৰ জড়িয়তে লতা মংগেশকাৰে বহুল চৰ্চা লাভ কৰে, যিখন ছবিত সেই সময়ৰ বহুচৰ্চিত অভিনেত্ৰী মধুবালাই অভিনয় কৰিছিল৷ তেতিয়াৰ পৰা তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই তেওঁ৷ তেওঁ ৮টা দশকজুৰি ৩০টাতকৈ অধিক ভাষাত গীত গাই সংগীতৰ জগতখনত আজিও আধিপত্য বজাই ৰাখিছে৷ এই মহান শিল্পীগৰাকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰকাৰ সৈতে কেইবাটাও চিৰসেউজ অসমীয়া গীততো নিগৰাইছিল কণ্ঠ৷ তেওঁ ৬বাৰকৈ ফিল্ডফেয়াৰ, তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ, পদ্মভূষণ, ৰাজীৱ গান্ধী পুৰস্কাৰ, পদ্মবিভূষণ, ভাৰতৰত্ন, নুৰজাহান বঁটাকে ধৰি অনেক বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৪৭ চনত সৰ্বাধিক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে তেওঁ৷ আজি ৯১ সংখ্যক জন্মদিনত শিল্পীগৰাকীলৈ যাচিলোঁ অযুত শুভকামনা৷