আজি মহালয়া। শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় । হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল । দুর্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয় । এই দিনটোতে ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূর্গাক নেত্র প্রদান কৰিছিল । সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকা হয়। পৃথিৱীলৈ দেৱী দূৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয় । দেৱী দুৰ্গাৰ প্ৰতিমাত আজি খনিকৰে তিনি নেত্ৰ অংকন কৰিব । মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই তৰ্পন কৰা হয় ৷ এই তৰ্পনৰ জৰিয়তে পূৰ্বপুৰুষক জলাভিষেক কৰাৰ প্ৰথা আছে । সেয়ে এই অমাৱস্যাক সৰ্বপিত্ৰ অমাৱস্যাও কোৱা হয় ।
জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা পুৱাই মা দুৰ্গা ধাৰালৈ নামি আহে আৰু প্ৰতিপদ তিথিৰ পৰাই ভাৰতবৰ্ষৰ কিছুমান ঠাইত বিশেষকৈ উত্তৰ ভাৰতত দেৱী বন্দনা আৰম্ভ হয় । ইয়াক ‘নৱৰাত্ৰি’ হিচাবে পালন কৰে ৷ নৱৰাত্ৰিত দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয় আৰু এই পূজা মহালয়াৰ পিছদিনা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈ বিজয়া দশমীৰ দিনা অন্ত পৰে ৷ অৱশ্যে অসমত ষষ্ঠীৰ দিনাৰ পৰা পূজা আৰম্ভ হয় আৰু বিজয়া দশমীত শেষ হয় ৷
মহালয়াৰ দিনা দেৱী দুৰ্গাই পৃথিৱীত থকা অসুৰৰূপী অশুভ শক্তিক আঁতৰাই ভক্তসকলক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয় ৷ এই পক্ষটোক মাতৃপক্ষ বুলি কোৱা হয় ৷ আনহাতে, ইয়াৰ আগৰ পক্ষটোক পিতৃ পক্ষ বুলি কোৱা হয় আৰু মহালয়াৰ দিনটো পিতৃ পক্ষৰ শেষ দিন ৷ হিন্দু ধৰ্ম আৰু পৰম্পৰা অনুসৰি বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা পৃথিৱীলৈ নামি আহে ৷ সেয়ে মহালয়াৰ দিনা পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে তৰ্পন কৰা হয় ৷
ৰামায়ণতো বৰ্ণনা কৰা হৈছে মহালয়া-
আনহাতে, ৰামায়ণৰ তথ্য অনুসৰিও মহালয়াৰ এক তাৎপৰ্য আছে ৷ ৰামায়ণত উল্লেখ কৰা মতে, ৰামে লংকা জয় কৰাৰ আগতে মহালয়াৰ দিনা পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পন কৰিছিল আৰু ৰাৱণক বধ কৰিবৰ বাবে দেৱী দুৰ্গাৰ আশীৰ্বাদ বিচাৰি শৰৎ কালত দুৰ্গা পূজা আৰম্ভ কৰিছিল ৷ সেয়েহে শৰৎকালৰ দুৰ্গা পূজাক অকাল বোধন বুলিও কোৱা হয় ৷
তিনি নেত্ৰৰ বাবেই দেৱী দুর্গাক ত্রিনয়নী দুর্গা বুলিও কোৱা হয়। এই তিনিটা চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱী দুৰ্গাৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। সোঁ চকুৱে কার্য বা সূৰ্যৰ প্রতীকক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্রতিনিধিত্ব কৰে। এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু । মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মা দুর্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। দুর্গা পূজাৰ এটা সপ্তাহ পূর্বে এই মহালয়া উদযাপন কৰা হয়।
মহালয়াৰো আছে শুভ-অশুভ কাৰক । মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়। সেয়ে মহালয়াক শুভ বুলি গণ্য কৰা হয় । দুর্গা পূজাই আনন্দ, আশা-আকাংক্ষা কঢ়িয়াই আনে। ইয়াৰ উপৰি পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয় । আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা, পিতৃসকলক তর্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অর্থাৎ পানী দিয়ে । পূর্বপুৰুষসকলক স্মৰণ কৰাৰ দিন বাবেই বহুতে ভাবে যে এইটো প্রকৃততে মহালয়া শোকৰ দিন।
কিন্তু এই ধাৰণা সীমিত। সকলোৱেই মহালয়াক শুভ জ্ঞান কৰিয়েই উৎসৱৰ মাদকতাত বিলীন হয় । উৎসৱৰ আৰম্ভণি হিচাপেই ইয়াক মানি চলা হয় । সেয়ে দেৱী দুর্গাই ধৰালৈ নামি অহাৰ লগে লগে পৃথিৱীৰ অপশক্তি বিনাশ ঘটি, ভাল শক্তি গা কৰি উঠাৰ লগতে বিভিন্নজনে বিভিন্ন আকাশ-আকাংক্ষাক পূৰণ কৰাৰ কামনা কৰে।