
পুৱাৰে পৰা গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ধূতি, চাদৰ, মেখেলা আদি পৰিধান কৰি আৰু ডিঙিত ফুলাম গামোচা লৈ পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি তিথিভাগ ৰাজহুৱাভাবে উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰে৷
যাৰ ফলত গ্ৰামাঞ্চলৰ নামঘৰে নামঘৰে ধূপ-ধূনা, ফল-মূলৰ আমোল-মোলোৱা সুৱাস তথা চাকি-বন্তি, শৰাই, নৈবদ্য আদিৰে ভৰি পৰি নান্দনিক পৰিবেশৰ উদ্ভৱ ঘটাই শিশু-মহিলা-আৱাল-বৃদ্ধ-বণিতা সকলোৰে মন পুলকিত কৰি তোলে৷
তদুপৰি সন্ধিয়া গঞাৰাইজে গ্ৰামাঞ্চলবোৰৰ প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলনেৰে মহাপুৰুষজনাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে৷