
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু ।।
আজি আহিন মাহৰ পুৰ্ণ ভৈলা দশমী। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি। অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ, অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰিছে ৰাজ্যবাসীয়ে৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ অসমৰ ৰাইজে কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত কৰিছিল শংকৰদেৱে৷ জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ আবিৰ্ভাৱ তিথি পালনৰ বাবে ৰাইজ ওলাই আহিছে নামঘৰলৈ। উদুলি-মুদুলি আজি নামঘৰৰ পদূলি। শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি আৰু মহৎ অৱদানেৰে অসমীয়া জাতি চহকী হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এগৰাকী ধৰ্ম প্ৰচাৰকেই নাছিল। একেধাৰে সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্বগুণৰ অধিকাৰী আছিল তেওঁ। আজি গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নামঘৰসমুহত হৰিনামৰ ধ্বনি উঠিছে। হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ যাত্ৰীয়ে বন্তিচাকি-শৰাই নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি হৰি-নাম-কীৰ্তণৰ অমৃত ধ্বনিৰে মুখৰিত কৰি ৰাখিব সত্ৰ-নামঘৰসমূহ৷ কলিযুগত নাম ধৰ্মৰ জ্ঞান প্ৰদান কৰি ভকতৰ বাবে ভকতিৰ দেউল বান্ধি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা মহাপুৰুষ গুৰুজনাক স্মৰণ ৰাজ্যবাসীৰ। কৃষ্ণ নামে অমৃতৰ নদী বোৱা গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ দিনাখন ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে ৰাজ্য । হৰি নাম-ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে বৰপেটা-বৰদোৱা।
সেয়ে আজিৰ এই সন্ধিক্ষনত সংবাদ লহৰ‘ৰ ফালৰ পৰাও শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথিত জনাইছোঁ সেৱা আৰু সশ্ৰদ্ধ প্ৰণিপাত।