sangbad lahar logo

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ।

নিউজ ডেস্ক : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি৷ আজি এই পৱিত্ৰ দিনটোত অসমৰ বিভিন্ন ঠাইৰ লগতে কমলপুৰৰ ডেকাৰকুছি লাওকুৰি চুবাৰ ১নং সুন্দৰীশাল সত্ৰত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবছৰৰ দৰে সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হয়৷ চৰকাৰে ক’ভিড প্ৰট’কল কিছু শিথিল কৰাত আৰু চুবাটোৰ প্ৰায়সংখ্যক লোকৰ দুয়োপালি ভেকচিন লোৱা হোৱাত উলহ-মালহেৰে পালন কৰে এই উৎসৱ৷ আজি অঞ্চলটোৰ আকাশ-বতাহ হৰিনামেৰে মুখৰ হৈ পৰে ।পুৱা আইসকলৰ নাম পৰিৱেশনৰ পাছতে থিয়নামকে ধৰি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি হৰি নামৰ ধ্বনিৰে সত্ৰখন মুখৰ কৰি তোলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *