
ডিজিটেল ডেস্ক , সংবাদ লহৰ , ১৩ আগষ্টঃ আজি ভবেন্দ্ৰ নাথ শইকীয়াৰ ১৭ সংখ্যক মৃত্যু তিথি, ২০১৩ চনৰ আজিৰ দিনটোতে ইহ: সংসাৰৰ পৰা বিদায় লৈছিল শইকীয়াই।
অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
কবিতা, নাটক,গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা,হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অমূল্য অৱদান আগবঢ়াই গৈছে।
ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
ইয়াৰ উপৰি তেওঁ ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ ‘ৰজত কমল বঁটা’ লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ লগতে ‘পদ্মশ্ৰী’ সন্মানো লাভ কৰিছিল।
আৰু আজিৰ এই ১৭ সংখ্যক মৃত্যু তিথি উপলক্ষে সংবাদ লহৰ পৰিয়ালৰ ফালৰ পৰা অশ্ৰুশিক্ত অঞ্জলী জ্ঞাপন কৰাৰ লগতে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।
40 Comments