
ডিজিটেল ডেস্ক :- সংবাদ লহৰ:- আজি বিশ্ব হৃদয় দিৱস , “ৱৰ্লড হাৰ্ট ফাউণ্ডেচন’ নামৰ সংস্থাটোৱে এটি আন্তৰ্জাতিক প্ৰচাৰ অভিযানৰ অংশ হিচাপে প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ শেষৰ দেওবাৰৰ দিনটোকেই ‘বিশ্ব হৃদয় দিৱস’ৰূপে পালন কৰি আহিছে। সৰ্বাধিক সংখ্যক লোকৰ মৃত্যুৰ কাৰণ ‘হৃদৰোগ’ৰ বিষয়ে সৰ্বসাধাৰণক সজাগ কৰি তোলাই এই দিৱস পালনৰ উদ্দেশ্য। হৃদৰোগ প্ৰতিৰোধৰ উপায়বিলাকৰ সম্বন্ধে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি এই ৰোগৰ আশংকা হ্ৰাস কৰাই হৈছে এই দিৱসৰ তাৎপৰ্য।
চৰকাৰী আৰু বেচৰকাৰী সংস্থা-সংগঠনবিলাকে ‘বিশ্ব হৃদয় দিৱস’ বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। সেই কাৰ্যসূচীবিলাকৰ ভিতৰত আছে- ধেমেলীয়া দৌৰ, ৰাজহুৱা বক্তৃতা, সংগীত আৰু খেল-ধেমালি আদি। ‘ৱৰ্লড হাৰ্ট ফাউণ্ডেচনে’ বিশ্বৰ প্ৰায় এশখন দেশত সজাগতা কাৰ্যসূচীৰে এই দিৱসৰ অনুষ্ঠানসমূহ পালন কৰে। সেইবিলাকৰ ভিতৰত আছে, স্বাস্থ্য পৰীক্ষা, খেল-ধেমালি, খোজকঢ়া, দৌৰাৰ লগতে থাকে ‘ফিটনেছ ছেছন’ৰ কাৰ্যসূচী। তাৰোপৰি থাকে ৰাজহুৱা বক্তৃতানুষ্ঠান, বিজ্ঞান সম্পৰ্কীয় বক্তৃতা, মঞ্চ অভিনয় আৰু সংগীতানুষ্ঠান আৰু প্ৰদৰ্শনী। এই অনুষ্ঠানবিলাক যুটীয়াভাৱে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ সহযোগত পালন কৰা হয়।
ৰক্তচাপ বৃদ্ধি, কলেষ্টেৰল আৰু তেজত শৰ্কৰাৰ(গ্লুক’জ)ৰ পৰিমাণ বৃদ্ধি। তাৰোপৰি ধূমপানৰ অভ্যাস, শাক-পাচলি আৰু ফল-মূল নিখোৱা বা কম পৰিমাণে খোৱা আৰু মেদবহুলতাও হৃদৰোগ বৃদ্ধিৰ অন্যতম কাৰণ। হৃদৰোগ আৰু ষ্ট্ৰোকেই যে মানুহৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ- সেই কথাটো সৰ্বসাধাৰণক ব্যাপকভাৱে জনোৱাৰ বাবে ‘বিশ্ব হৃদয় দিৱস’ পালনৰ কাৰ্যসূচীবিলাক সৃষ্টি কৰা হৈছে।