
1998 চনৰ 9 জানুৱাৰী, কানাডাৰ ভেংকুভাৰৰ নিবাসী এজন বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তেতিয়াৰ সচিব প্ৰধান কফি আট্টা আন্নানলৈ এখনি আশাৰে ভৰা পত্ৰ প্ৰেৰণ কৰিছিল ৷ ৰফিকুল ইছলামৰ এই পত্ৰত পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ভাষাবোৰৰ সংৰক্ষণৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷৷ এই পত্ৰখনত 21 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব মাতৃভাষা দিৱস হিচাপে আন্ত:ৰাষ্ট্ৰীয় ভাবে পালন কৰিবলৈ প্ৰস্তাৱো দিয়া হৈছিল ৷৷
1947 ৰ দেশবিভাজনৰ ফলত পূব পাকিস্থান ৰূপে পাকিস্থানৰ লগত চামিল হোৱা বাংলাদেশৰ নাগৰিকৰ ওপৰত তদানীন্তন পাকিস্থান চৰকাৰে উৰ্দূ ভাষাক চৰকাৰী ভাষা হিচাপে জাপি দিছিল ৷৷ স্বাধীন মনা আৰু ভাষাপ্ৰেমী পূব পাকিস্থানৰ বাঙালী নাগৰিক সকলে বাংলা মাতৃভাষাক একাষৰীয়া কৰি উৰ্দূ ভাষাক গ্ৰহন কৰিবলৈ অস্বীকাৰ কৰিলে, স্বাভাৱিক ভাবেই জনগনৰ মাজত ক্ষোভৰ উদ্গীৰণ হল আৰু এই ক্ষোভৰ সুসংগঠিত বহি: প্ৰকাশ ঘটিছিল 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ দিনা ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদত ৷৷ মাতৃভাষাক ৰক্ষাৰ নিমিত্তে স্বতস্ফূৰ্ত্ত ভাবে একত্ৰিত হোৱা লক্ষাধিক প্ৰতিবাদকাৰীৰ এই প্ৰতিবাদ দমন কৰিবলৈ পাকিস্থান সেনাই নিৰ্মম ভাবে প্ৰতিবাদকাৰীৰ ওপৰত মুকলিকৈ গুলি চালনা কৰে ৷৷ বৰ কৰুণ ভাবে এই নিৰ্মম গুলি চালনাত ঢাকা বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্ৰৰ থিতাতে মৃত্যু হয় ৷৷