
২৭ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে বিশ্বজুৰি পালন কৰা হয় এই দিৱস ।
ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে ।
এই দিৱসৰ প্ৰধান উদ্দেশ্য হ’ল আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলাৰ উপৰিওঁ পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা ।
আজিৰ দিনটোতে পৰ্যটকসকলক বিভিন্ন অঞ্চল ভ্ৰমণেৰে তেনে অঞ্চলসমূহৰ ভূগোল ,কৃষ্টি-সংস্কৃতি ,লোকাচাৰ সন্দৰ্ভত জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰা হয় লগতে ভাৰতৰ বিভিন্ন প্ৰান্ততঃ ভ্ৰমণ কৰি তেনে অঞ্চলসমূহৰ কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হৈ নিজকে সমৃদ্ধ কৰিবলৈ জনতাক আহ্বান জনোৱা হয় । ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৮০ চনৰ পৰা বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈ আহিছে। ১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব পৰ্যটন সংস্থাৰ সংবিধানখনৰ সংবিধানখনক স্বীকৃতি দিয়া হৈছিল।