আঁহকচোন আজি আলোচনা কৰোঁ বিশ্ব নাৰিকল দিৱসৰ তাৎপৰ্য্যৰ বিষয়ে। সংবাদ লহৰ , ডিজিটেল ডেস্ক– প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বতে উৎযাপন কৰা হ’ব বিশ্ব নাৰিকল দিৱস ৷ ২০ সংখ্যক এই দিৱস উদযাপন কৰিছে বিশ্বৰ নাৰিকল উৎপাদনকাৰী ব্যক্তি সকলে । ১৯৬৮ চনৰ ২ চেপ্তেম্বৰত পোন প্ৰথমে বিশ্বৰ তিনিখন দেশ ভাৰত , ইণ্ডোনেচিয়া আৰু ফিলিপাইন সংযুক্ত হৈ এটা সমুদায় গঠন কৰে ৷ তাৰ পিছত আজিৰ তাৰিখলৈকে এই সমুদায়টোত ১৭খন দেশ জড়িত হৈ আছে ৷ বিশ্বৰ নাৰিকলৰ এই সমুদায়টোক কোৱা হয় APCC অৰ্থাৎ Asian Pacific Coconut Community ৷ এই APCC গঠন কৰা হৈছিল ইণ্ডোনেচিয়াৰ জাকাটত ৷ ১৯৯৮ চনৰ পৰা ভিয়েটনামৰ Ho chi Min নগৰত হোৱা ৩৫ তম অধিবেশনত এই সমুদায়টোয়ে ২ চেপ্তেম্বৰ দিনটো world coconut day হিচাপে পালন কৰিবলে মনস্থ কৰিছিল ৷ আৰু তেতিয়াৰ পৰাই আজিলৈকে ২ চেপ্তেম্বৰ দিনটো বিশ্ব নাৰিকল দিৱস হিচাপে পালন কৰি আহিছে বিশ্ববাসীয়ে । সৌভাগ্যৰ কথা এই য়ে যে যে , প্ৰথম বিশ্ব নাৰিকল দিৱস পালন কৰা হৈছিলে ভাৰতৰ কোচিত (কেৰেলা)৷ আমাৰ অসমতো এই দিৱস গুৱাহাটীৰ নাৰিকল উন্নয়ন বৰ্ডে পালন কৰে ৷