sangbad lahar logo

আজি বিশ্ব খাদ্য দিৱস আৰু বহু নজনা কথা…

আজি ১৬ অক্টোবৰ অৰ্থাৎ বিশ্ব খাদ্য দিৱস ৷ প্ৰতিবছৰে ১৬ অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বত খাদ্যই সৃষ্টি কৰা সংকট, পুষ্টিহীনতা তথা বিভিন্ন ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দশ্যে বিশ্বজুৰি খাদ্য দিৱস পালন কৰা হয় ৷

বিশ্ব খাদ্য দিৱসৰ ইতিহাস যদি বিশ্লেষণ কৰি চোৱা হয় তেন্তে গম পোৱা যায় যে, ১৯৭৯ চনৰ নৱেম্বৰত ইটালিৰ ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে বিশ্বৰ খাদ্যৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য দিৱস পালন কৰাৰ পোষকতা কৰিছিল বিভিন্ন সংস্থা তথা বিশ্বৰ অধিকাংক্ষ দেশে ৷ সেই প্ৰস্তাৱ মৰ্মে ১৯৮১ চনৰ ১৬ অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, ১৯৭৯ চনত হোৱা বৈঠকৰ পিছতে ১৯৮০ চনৰ ৫ ডিচেম্বৰৰ দিনা অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনতো এই সিদ্ধান্তৰ প্ৰতি সন্মতি জনোৱা হয় আৰু বিশ্বৰ প্ৰতিখন দেশৰে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় সংগঠন সমূহে বিশ্ব খাদ্য দিৱস পালন কৰিবলৈ আহ্বান জনোৱা হয় আৰু সেই আহ্বান মৰ্মে ১৯৮১ চনৰ পৰা বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে ।

বিশ্ব খাদ্য দিৱসৰ আনুষ্ঠানিক প্ৰতীক চিহ্ন আছে ৷ এই প্ৰতীক চিহ্নটোত তিনিটা কাল্পনিক মানৱ শৰীৰৰ ছবি অংকণ কৰা হৈছে ৷ য’ত এজনে শস্য চপাই থকা, আনজনে শস্য বিতৰণ কৰাৰ দৃশ্য আৰু আনজনে খাদ্য খাই থকাৰ সুন্দৰ বাৰ্তা বহন কৰা হৈছে ৷ এই মানৱ চিত্ৰকেইটা নীলা, মাটীয়া বৰণৰ আৰু খাদ্য সামগ্ৰী সমূহ কমলা ৰঙৰে অংকিত কৰা হৈছে । সামগ্ৰিকভাৱে এই ছবি খনে শস্য, প্ৰতিপালন, শস্য চপোৱা আৰু খাদ্য বিতৰণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা বহন কৰে ৷

সমগ্ৰ বিশ্বৰ ডেৰশ খনৰো অধিক দেশত বিভিন্ন কাৰ্য্যসূচীৰে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। প্ৰতি খন দেশৰে কাৰ্য্যসূচী আৰু এই বিলাক কাৰ্যকৰী কৰাৰ পদ্ধতি সুকীয়া সুকীয়া হ’লেও কিন্ত মূল উদ্দেশ্যটো সকলো দেশৰে একেই।

ভাৰতত এই দিৱসটো ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization) প্ৰতিষ্ঠাৰ দিনটোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি (১৯৪৫ চনৰ ১৬ অক্টোবৰ) পালন কৰা হয়। ভাৰতত এই দিনটো খাদ্য অভিযন্তাৰ দিৱস (Food Engineers Day) ৰুপেও পালন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *