সৃষ্টিৰ আৰাধ্যা দেৱতাগৰাকীক পূজা উপাসনাৰ বাবে প্ৰান্তে প্ৰান্তে আয়োজন চলিছে । আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী পাৰঘাটত পূজাৰ মহা আয়োজন কৰিছে । গুৱাহাটী মধ্যমখণ্ড পাৰঘাটত জাহাজৰ কৰ্মচাৰীসকলে হোম যজ্ঞৰে পালন কৰিলে বিশ্বকৰ্মা পূজা । গুৱাহাটী ৰজাদুৱাৰ আৰু গুৱাহাটী মাজগাঁও ঘাটতো বিশ্বকৰ্মা পূজাকলৈ উথপ-থপ পৰিৱেশ ।