
দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। আজি অৰ্থাৎ ১৫ অক্টোবৰ, শুকুৰবাৰে উদযাপন কৰা হ’ব বিজয়া দশমী। বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা নদীত বিসৰ্জন দিয়া হয়।বহু উলহ মালহেৰে মৰ্ত্যলোকত মা দুৰ্গাৰ পূজা উদযাপন হোৱাৰ পাছত বিজয়া দশমীৰ দিনা মা দুৰ্গাই স্বৰ্গলোকলৈ গমন কৰে বুলি বিশ্বাস কৰা হয়। বিজয়া দশমীৰ দিনা ভক্তপ্ৰাণ লোকৰ মন সেমেকি উঠে কাৰণ মা দুৰ্গাই এই দিনটোতে বিদায় লয়।দশমী বিহিত পূজাৰ অন্তত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক এবছৰৰ মুৰত পুনৰ আগমণৰ বাবে আহ্বান জনাই আকুলচিত্তে বিদায় জনাব ভক্তগণে।