sangbad lahar logo

আজি বহাগৰ চতুৰ্থ দিন  । ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ আনন্দ উছাহ । বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে ৰঙালী বিহু ।বড়ো লোকসকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰিছে ।

বিশেষকৈ বড়ো লোকসকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰিছে । মঙলদৈৰ ভকতপাৰা জামুগুৰি গাঁৱত দেখা গল বড়োসকলৰ এক সুন্দৰ পৰিবেশ । গাওঁখনৰ প্ৰায় শতাধিক পুৰুষ মহিলা ওলাই আহি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে গৈ আশীৰ্বাদ দি সকলোৰে কুশল মঙ্গল কামনা কৰে । লগতে বড়ো সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ লগত নতুন প্ৰজন্মক চিনাকী কৰাৰ প্ৰয়াস অব্যাহত ৰাখে । এনেদৰেই পৰম্পৰা ৰক্ষা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে অসমীয়াৰ হেঁপাহৰ বিহুটি ।

Related Articles