

১৯৬৫ চনৰ আজিত দিনটোত মুম্বাইত জন্ম লাভ কৰা ৫৬ বছৰীয়া শ্বাহৰুখ খানক ছবি জগতত ৰোমাঞ্চকৰ বাদচাহ হিচাপে জনা যায় । ইয়াৰোপৰি তেওঁ ড্ৰামা,কমেডী,এক্সনৰ দৰে বহু ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।আজি ৫৬ বছৰত ভৰি দিলে কিংবদন্তী অভিনেতা শ্বাহৰুখ খানে । প্ৰায় তিনি দশক ধৰি খানে তেওঁৰ অভিনয়, শৈলী আৰু ব্যক্তিত্ব আদিৰ দ্বাৰা যুৱ আৰু বয়স্ক সকলো দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। ১৯৮৮ চনত অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা খান এক মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত ২৭ বছৰতকৈও অধিক সময় অতিবাহিত কৰাৰ পিছত তেওঁ তেওঁৰ সংকল্প, কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জৰিয়তে ষ্টাৰডম লাভ কৰিবলৈ সক্ষম হৈছে।