প্ৰেমৰ দিৱস উদযাপন অসমৰ পৰম্পৰা নহয় যদিও বহু বছৰ বছৰ ধৰি অসমত বিশেষ ভাৱে একাংশই ১৪ ফেব্ৰুৱাৰী দিনটো পালন কৰি আহিছে ভেলেণ্টাইন ডে’ হিচাপে।
প্ৰেম জীৱনৰ চালিকা শক্তি। উদযাপনৰ শিৰোনাম প্ৰেম।হৃদয়ৰ চিৰন্তন অনুভুতিৰ নামো প্ৰেম। প্ৰেম তেনেকুৱাই। অতৃপ্তিৰ বাটেৰে বগুৱা বাই হৃদয় জুৰায়।পূৰ্ণতা পৰা শূন্যতালৈ অথবা শূন্যতাৰ পৰা পূৰ্ণতালৈ প্ৰতিটো বাটৰ নামেই প্ৰেম।
আজি চেইন্ট ভেলেন্টাইনৰ নামত উসৰ্গিত এটা দিন ভেলেন্টাইন ডে’ , ইতিহাস অনুসৰি কেইবাজনো খ্ৰীষ্টিয় শ্বহীদ চেইন্ট ভেলেন্টাইনৰ নামেৰে নামকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন আৰু টাৰ্ণিৰ ভেলেণ্টাইন। প্ৰায় ২৬৯ খ্ৰীষ্ট পূৰ্বাব্দত খ্ৰীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।
কথাতে কয় প্ৰেমৰ নিজা কোনো পৰিভাষা নাথাকে। নাথাকে ভৌগোলিক সীমা, নাথাকে ৰং-বৰ্ণ-বয়স অথবা জাতিৰ বাধা। সেইবাবেই প্ৰেম স্বৰ্গীয়, প্ৰেম নিষ্কলুষ। প্ৰেমৰ নামত এটা দিন উদযাপন হয়নে নহয় এই লৈও বিতৰ্ক, আলোচনাৰ অন্ত নাই। কোনোৰ মতে যদি এয়া বজৰুৱা সংস্কৃতি, অধিক বাহ্যিকতা, আন কোনোৰ মতে আকৌ প্ৰেমৰ বাবে প্ৰতিটো দিনেই বিশেষ।
কিন্তু আপুনিয়েই কওঁকচোন প্ৰেমৰ বাবে এটা দিন থকাটো কিনো অপৰাধ? যুগ-যুগান্তৰলৈ এইদৰে অব্যাহত থাকক প্ৰেম। প্ৰেম নামৰ সাগৰখনতে সিচি যাওঁক সকলোৱে জীৱনৰ সুখ নামৰ কঠিয়া।