Skip to content
আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৫ সংখ্যক জন্ম তিথি।
ডিজিটেল ডেস্ক : সংবাদ লহৰ:- আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৫ সংখ্যক জন্ম তিথি। প্ৰতিমা বৰুৱা পাণ্ডে আছিল অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী। তেখেত ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়। গোৱালপাৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেই ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰাৰ লগতে বিভিন্ন বঁটাৰে সন্মানিত হৈছিল যেনে, সংগীত নাটক অকাডেমি বঁটা (১৯৮৯),
পদ্মশ্ৰী (১৯৯১), ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় (২০০০), অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা, অসম নাট্য সমিতি বঁটা, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ, অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা (কলকাতা)।
তেখেতে আগবঢ়াই যোৱা অৱদান সমূহ সাংস্কৃতিক ক্ষেত্রখনত সদায়ে চিৰনমস্য আৰু অতুলনীয়।
আজিৰ এই বিশেষ ৮৫ সংখ্যক ওপজা দিনটোত ৰাজ্যৰ লগতে আমিয়ো শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো