sangbad lahar logo

আজি পবিত্ৰ বৰদিন৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰে৷

বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত যীশুক স্মৰণ কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ বৰদিন মানেই যেন সকলোৰে বাবে এক আনন্দৰ উৎসৱ ৷

মানুহৰ মাজত সুখ, হাঁহি, মৰম  ভালপোৱা বিলোৱা উৎসৱ বৰদিন৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিন্ন সুস্বাদু খাদ্যৰ অপূৰ্ব সমাহাৰ৷ যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তাৰ পৰিৱৰ্তে দেখা যায় যে বিশ্বৰ প্ৰায় সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে খ্ৰীষ্টমাছ পালন কৰে৷

Related Articles