sangbad lahar logo

আজি পবিত্ৰ বিশ্বনবী দিৱস।

আজিৰ দিনটোত ইছলাম ধৰ্মৰ প্ৰবৰ্তন হজৰত মহম্মদৰ জন্ম হৈছিল। শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ গোৱালপাৰা চহৰৰ আহলে চুন্নত ওৱাল জামাতৰ সৌজন্যত বিশ্বনবী দিৱস উপলক্ষে শান্তি সমদল যাত্ৰা উলিওৱা হয়।গোৱালপাৰা চহৰৰ মাদ্ৰাছা খেলপথাৰৰ পৰা আৰম্ভ কৰি অৰ্ধশতাধিক লোকে খোজকাঢ়ি এক শান্তি সমদল উলিয়ায় । মাদ্ৰাছা খেল পথাৰৰ পৰা আৰম্ভ কৰি চহৰৰ বাউচীয়া পাৰা, আলী পাৰা, ভাটিপাৰা, নয়াপাৰাহৈ খোৰাচানী মাজাৰত দোৱা প্ৰাৰ্থনা কৰে।‌ বিশ্ব ভাতৃত্ববোধ বজাই ৰাখিবলৈ সমূহীয়া দোৱাত অংশগ্ৰহণ কৰে চহৰৰ শতাধিক লোক। আহলে চুন্নত ওৱাল জামাতৰ সৌজন্যত উলিওৱা সমদলৰ এগৰাকী কৰ্মকৰ্তাই কয় যে বিশ্বৰ সকলো সাম্প্ৰদায়িক শক্তি নিপাত যাব লাগে আনহাতে গোৱালপাৰা চহৰত ড্ৰাগছ আৰু সকলো ধৰণৰ নিচাজাতীয় দ্ৰব্য বৰ্জন কৰি সুস্থ সমাজ গঢ়িবলৈ সংকল্পবদ্ধ হবলৈ আহ্বান জনায়। হজৰত মহম্মদৰ জন্মদিনৰ দিনৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে আহলে ওৱাল চুন্নতে জামাতৰ সদস্য সকলে বহুকেইটা কাৰ্যসূচী পালন কৰে। সমদলৰ সময়ত পথচাৰীক চকলেট আদি বিতৰণ কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *