
আজি ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।