হাঁহিমুখীয়া দীপলিনা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। ছচিয়েল মিডিয়াতো দীপলিনাৰ আছে বহুতো অনুৰাগী। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি নিজৰ সুন্দৰ কণ্ঠৰে অসমবাসীৰ হৃদয়ত স্থান দখল কৰিছে দীপলিনাই। আৰু আজিৰ এই ওপজা দিনৰ সন্ধিক্ষণত প্ৰিয় কণ্ঠশিল্পীগৰাকীক ছচিয়েল মিডিয়াযোগে ওপজা দিনৰ শুভেচ্ছা জনাইছে অনুৰাগীসকলে।