sangbad lahar logo

আজি চাৰু গোহাঁইৰ ৬৯ সংখ্যক ওপজাদিন

ডিজিটেল ডেস্ক সংবাদ লহৰ– অসমৰ এগৰাকী কণ্ঠশিল্পী । অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত এনে কিছু ব্যক্তি আছিল যিয়ে মৃত্যুৰ সময়ছোৱালৈ নিজ প্ৰতিভাৰ প্ৰদৰ্শন দিছে দৰ্শকৰ সন্মুখত , তাৰেই ভিতৰত অন্যতম যেন চাৰু গোহাঁই।তেওঁৰ পূৰ্বৰ সময়ছোৱাত মুক্তিপ্ৰাপ্ত গীত সমূহ এতিয়াও যদি শুনা হয় ; সেই গীত সমূহে এতিয়াওঁ যেন শ্ৰোতা – দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈয়ে আছে আজিয়ো ।
১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই , জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল । ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীতত কণ্ঠ নিগৰাৰ লগতে কোমল ৰোমাণ্টিক গীতৰ বাবে জনাজাত গোহাঁইয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল ।
তেখেত এগৰাকী সুদক্ষ গীটাৰিষ্টোৰ লগতে প্ৰায় দুকুৰিৰো অধিক গীত ৰচনা কৰে । সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই বিশেষভাৱে প্ৰভাৱিত কৰিছিল । লগতে জয়ন্ত হাজৰিকাৰ সৈতে তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল । অৱশেষত বৃক্ক আৰু যকৃতৰ গুৰুত্বৰ ৰোগত আক্ৰান্ত হৈ এই গৰাকী শিল্পীয়ে ২০১২ চনত ইহলীলা সম্বৰণ কৰে ।
আৰু আজিৰ এই ৬৯ সংখ্যক ওপজা দিনত আমিয়ো তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *