আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল নাজিৰাত উজলিল বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুগৰাকী ছাত্ৰী…

চৰকাৰী বিদ্যালয়ৰ পৰিবৰ্তে পুনৰ ব্যক্তিগত বিদ্যালয়ে ৯৬% আৰু ৯৫.৬% ৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উজলাই তুলিলে নাজিৰাৰ।৯৬% আৰু ৯৫.৬%ৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উজলিল নাজিৰা বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুগৰাকী ছাত্ৰী৷আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা,বিজ্ঞান,বাণিজ্য শাখাৰ ফলাফল৷শীৰ্ষ স্থানৰ অবিহনে ফলাফলৰ ঘোষণা হ’ল যদিও সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হ’ল নাজিৰাৰ বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলে৷নাজিৰাৰ ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰুচিকা ফুকনে শতকৰা ৯৬%আৰু জুলি শইকীয়াই শতকৰা ৯৫.৬% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ বালিঘাটস্থিত ৱেদ একাডেমি চিনিয়ৰ চেকেণ্ডাৰী স্কুললৈ৷৯৫.৬%লাভ কৰা জুলি শইকীয়াক ৱেদ একাডেমিৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিনামূলীয়াকৈ পঢ়োৱা হৈছিল৷এই ফলাফলক লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে আতচবাজী ফুটাই নাচিবাগি আনন্দ আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়৷