আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল,ফলাফলকলৈ সুখী যীশুৰ পৰিয়াল….

গাড়ী চালক পিতৃক গৌৰৱান্বিত কৰিলে পুত্ৰই।উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলকলৈ সুখী যীশুৰ পৰিয়াল।আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলক লৈ ব্যাপক উৎসাহ ছাত্ৰ ছাত্ৰীৰ মাজত। একেদৰে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা গাৱৰ এগৰাকী গাড়ী চালকৰ পুত্ৰই গৌৰৱান্বিত কৰিছে পিতৃ মাতৃক। এখেত নহিৰা বাৰিপাৰাৰ অনিল কলিতা। বিগত সময়ত বহু বছৰ টেম্পো চলোৱাৰ পিছত বৰ্তমান এখন মেজিক বাহন লৈ অতি কষ্টৰে চলাই আছে তেওঁৰ পৰিয়ালটি।

তেওঁৰে পুত্ৰ যীশু কলিতাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৮০ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াকে লৈ আজি গৌৰৱান্বিত যীশুৰ পিতৃ মাতৃ। ভবিষ্যত LLB কৰাৰ সপোন পুহি ৰখা যীশুলৈ ক্লেন নিউজৰ তৰফৰ পৰাও জনালো শুভ কামনা।