আজি গুৱাহাটীত অসম আৰু মেঘালয়ৰ আন্ত:ৰাজ্যিক কেইবাটাও বিষয় আলোচনাৰ হেতু চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী শ্রীকনৰাড চাংমা ৰ সৈতে এক বৈঠকত মিলিত হৈ সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

আলোচিত মুখ্য বিষয়সমূহৰ জিলিঙনি আছিল এনেধৰণৰ— ১) অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাত প্ৰাধান্য দি কাম কৰিব লাগিব৷২) অসম আৰু মেঘালয়ে কুলসী জলসিঞ্চন প্ৰকল্পৰ বিকাশ ঘটাই আমাৰ কৃষকসকলক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব, যিটোৰ বাবে অসম চৰকাৰে পুঁজি আগবঢ়াব৷৩) স্থানীয় জনসাধাৰণৰ সৈতে হোৱা আলোচনাৰ অন্তত দুয়োখন ৰাজ্যই যৌথভাৱে ৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণ কৰিব৷৪) সমাধান কৰা ৬টা সীমা বিবাদৰ ভিতৰত কিছু সৰু সৰু সমস্যা আছে, যিবোৰ সংশ্লিষ্ট পক্ষৰ মাজত আলোচনা আৰু সীমা চিহ্নিত হোৱাৰ পাছত অতি সোনকালে নিষ্পত্তি হ’ব৷ ৫) বাকী ৬টা বিবাদিত স্থান পাৰস্পৰিকভাৱে সমিলমিলেৰে নিৰ্ধাৰিত সময়ত সমাধান কৰা হ’ব৷ ৬) দুয়োখন ৰাজ্যই গুৱাহাটীৰ নগৰীয়া বান সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ সন্মত হয়, যাৰ ফলত দুয়োখন ৰাজ্যই লাভৱান হ’ব৷ আমি বানপ্ৰৱণ এলেকাৰ সঠিক উপগ্ৰহ মেপিং কৰিবলৈ নেছাকক অৰ্পণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰোঁ৷ যাৰ পৰৱৰ্তী পৰ্যায়ত আই আই টি ৰুৰকিক এই সমস্যাৰ নিৰ্দিষ্ট সমাধানৰ পৰামৰ্শ দিবলৈ অনুৰোধ জনোৱা হ’ব ৷