
তোৰ পদে পদে আছে ক’তনো উ..জুতি
কত ঘাট প্রতিঘাত !
তোৰ নাই যে বন্ধোৱা বা..ট
আজি গীতিকবি পাৰ্ব্বতী প্ৰসাদ বৰুৱাৰ ১১৬ সংখ্যক ওপজা দিন।
শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ আজিৰ দিনটোতেই জন্মগ্রহণ কৰিছিল পাৰ্ব্বতী প্ৰসাদ বৰুৱাই।
পাৰ্ব্বতী প্ৰসাদ বৰুৱা অসমীয়া গীত কাব্য সাহিত্যৰ অতিকৈ চিনাকী নাম।
একেধাৰে কবি , গীতিকাৰ , নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ ঘটা পাৰ্ব্বতী প্ৰসাদ বৰুৱাই অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ বহু অৱদান আগবঢ়াই গৈছে।
অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতেও তেখেতৰ আছিল নিবিড় সম্পৰ্ক।
১৯৪০ চনত ৰূপহী চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল পাৰ্ব্বতী প্ৰসাদ বৰুৱাই।
১৯২১ চনত কটন মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ প্ৰতি আকৃষ্ট হোৱা এইজনা বিশ্ববৰন্য ব্যক্তিয়ে
এইখন অসমৰে মাটিৰ গোন্ধ থকা বহু কেইটা কালজয়ী গীত ৰচনা কৰিছিল ।
যত কন্ঠ নিগৰাইছিল সুধাকন্ঠ ড° ভূপেন হাজৰিকাই।
আজিৰ এই ১১৬ সংখ্যক ওপজা দিনত পাৰ্ব্বতী প্ৰসাদ বৰুৱাক সংবাদ লহৰৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।