
আজি গান্ধী জয়ন্তী।আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন।১৮৬৯ চনৰ ২ অক্টোবৰত আজিৰ দিনটোতে গুজৰাটৰ পোৰবন্দৰত মোহনদাস কৰমচাঁদ গান্ধীৰ জন্ম হৈছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰি ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰাত প্ৰধান ভূমিকা পালন কৰা গান্ধীজীৰ আজি ১৫২ সংখ্যক জন্মদিৱসত ৰাষ্ট্ৰবাসীয়ে জাতিৰ পিতাৰ প্ৰতি যাচিব গভীৰ শ্ৰদ্ধাঞ্জলি।অহিংসা-সত্যাগ্ৰহৰ অস্ত্ৰৰে অতিকৈ শক্তিশালী ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিক পৰাভূত কৰা মহাত্মা গান্ধীৰ অহিংসা নীতিক আঁকোৱালি লৈছিল বিশ্বৰ কেইবাজনো আগশাৰীৰ জননেতাই।তাৰ ভিতৰত অন্যতম আছিল মাৰ্টিন লুথাৰ কিং। ১৫২ সংখ্যক জন্মদিৱসত এই বুলি নিশ্চিতভাৱে ক’ব পাৰি ভাৰতবাসীৰ চিন্তা-চেতনাৰ ওপৰত মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু ব্যক্তিত্বৰ প্ৰভাৱ এতিয়াও অদ্বিতীয়।
সেয়ে আজিৰ এই সন্ধিক্ষনত আমাৰ ফালৰ পৰাও গভীৰ শ্ৰদ্ধাঞ্জলি।