ডিজিটেল ডেস্ক : সংবাদ লহৰ:- ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা মুখ্য পথপ্ৰদৰ্শক নেতা আছিল মহামানৱ মহাত্মা গান্ধী। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়। তেখেতক সাধাৰণতে “মহাত্মা” ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক নাম । ভাৰতীয় সকলে তেখেতক জাতিৰ পিতাৰ মৰ্য্যদা দিয়ে আৰু সেয়ে “বাপু” বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিবস হিচাপে পালন কৰা হয়। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত দাণ্ডিযাত্ৰা নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাতো কেইবাবাৰো কাৰাবন্দী হ’ব লগা হৈছিল।
১৫১ সংখ্যক জন্মদিৱসত এই বুলি নিশ্চিতভাৱে ক’ব পাৰি ভাৰতবাসীৰ চিন্তা-চেতনাৰ ওপৰত মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু ব্যক্তিত্বৰ প্ৰভাৱ এতিয়াও অদ্বিতীয়।
সেয়েহে ৰাজ্য বাসীৰ লগতে আজিৰ এই বিশেষ দিনটোত মহামানৱ জনাক আমিয়ো শ্ৰদ্ধাৰে সুঁৱৰিছো।

115 Comments