
বহুকেইটা কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা খগেন মহন্তই ১৯৪২ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ বগৰিগুৰিত জন্মগ্ৰহন কৰিছিল।
স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই সংগীত সাধনাত ব্ৰতী হোৱা মহন্তই বিহুগীতক জনপ্ৰিয় কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে
১৯৬৫ চনৰ পৰা আকাশবাণী কেন্দ্ৰৰ নিয়মীয়া শিল্পীয়ো আছিল ।
খগেন মহন্তৰ গীতসমূহত লোকজীৱন প্ৰতিফলিত হোৱাৰ লগতে গ্ৰাম্যজীৱনবোধ পৰিস্ফূত হয়। তেওঁৰ বিখ্যাত গানবোৰৰ ভিতৰত কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুজি দিলো ফুলাম চিঠি খনি, পাহাৰৰ জুৰিটি পিৰিটি সাৱটি ইত্যাদি।
অসমৰ সুৱদী সুৰীয়া বিহুগীতসমূহক জনগণৰ অন্তৰৰ আঁহে আঁহে যিগৰাকী নমস্য-স্মৰণীয় পুৰােধাই প্রৱাহিত কৰি দিছিল, তেৱেঁই আছিল অসমীয়া লােকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত।
অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা, মানুহৰ মুখে-মুখে বাগৰি অহা, কেঁচা মাটিৰ সুবাস সনা, থলুৱা সুৰৰ সংমিশ্রণৰে সমৃদ্ধ, অসমীয়াৰ প্ৰাণৰ আৱেগ সংপৃক্ত লােকসংগীতক পৰিমার্জিতভাৱে গণশিল্পী খগেন মহন্তই বিশ্বদৰবাৰলৈ কঢ়িয়াই লৈ গৈছিল।
এইগৰাকী প্ৰৱাদ প্রতিম শিল্পীৰ গীতত কেঁচা মাটিৰ নিভাঁজ সুৱাস আৰু অসমৰ খাটিখােৱা মানুহৰ সুখ-দুখ, আশা-সপােনবােৰ সার্থকভাৱে প্রতিফলিত হৈছিল। প্রকৃতার্থত, অসমীয়া লােকসংগীতৰ সুৰ-শব্দ-সংগীতক বিশুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত খগেন মহন্তৰ অৱদান আমি কেতিয়াওঁ নুই কৰিব নোৱাৰো।
বিষ্ণু ৰাভাই ৰচনা কৰা অন্তিমটো গীত ‘এয়ে মোৰ শেষ গান’ সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল খগেন মহন্তই।
১৯৯২ চনত খগেন মহন্তই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
অৱশেষত এইগৰাকী শিল্পীয়ে ২০১৪ চনৰ ১২জুনত ইহলীলা সম্বৰণ কৰে।
কিন্তু তেওঁ সাংস্কৃতিক ক্ষেত্রখনত আগবঢ়াই যোৱা দান অসমবাসীৰ সদায়ে চিৰনমস্য ।