
ৰাজ্যত ক’ৰণা মহামাৰীৰ বাবে কাতি বিহুৰ আনন্দ উল্লাস কিছু পৰিমাণে ম্নান পৰিছে যদিও পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন অসমীয়াই পালন কৰিছে এই বিহু।এয়া শিৱসাগৰৰ বানমুখ মটক গোঁহাইগাওঁ। পূৰ্বৰ পৰম্পৰা ধৰি ৰাখি পুৱাই গাঁৱৰ মহিলা সকলে পথাৰলৈ গৈ সেউজীয়া ধাননি পথাৰত সেৱা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি প্ৰাৰ্থনা কৰে আৰু সকলোৱে মিলি পথাৰত ৰবাব টেঙাৰ জুতি লয়। ইপিনে সন্ধিয়া ঘৰৰ চোতালত তুলসীৰ তলত চাকি-বন্তি জ্বলাই সেঁৱা লব। তাৰবাবে এইদৰে তুলসী ভেটি নিৰ্মান কৰি সজাই পৰাই তোলাত ব্যস্ত কণ-কণ কিশোৰ কিশোৰী সকল। ৰাতিলৈ ধাননি পথাৰত আকাশ বন্তি জ্বলাই পোক পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি প্ৰাৰ্থনা কৰি পালন কৰিব হেঁপাহৰ বিহুটি।