
যাদৱ পায়েঙৰ জন্ম হৈছিল ১৯৬৩ চনত। মুলাই তেখেতৰ উপনাম। তেখেতে যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰক্ষপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰন্যলৈ ৰূপান্তৰ কৰিছে।এই ৫৫০ হেক্টৰ জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে “মুলাই কাঠনি” নামেৰে নামাকৰন কৰা হৈছে। ঔনামুখ চাপৰিটো ব্ৰক্ষপুত্ৰৰ এটা বৃহৎ চৰ।ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ এই অভিযান আৰম্ভ কৰিছিল।আজিৰ এই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। মূল্যবান উদ্ভিদৰ ভিতৰত অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ,মজ, শিমলু ইত্যাদি ।আনহাতে জীৱ-জন্তৰ ভিতৰত গড়, হৰিনা, বিভিন্ন পৰিভ্ৰমী চৰাই ইত্যাদি। শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেওঁক “ভাৰতৰ অৰণ্য মানৱ” উপাধি প্ৰদান কৰিছে আনহাতে ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা হয়। ২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ ‘আজটেকা’ নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি পায়েঙৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লোৱা হয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে। বিশেষ কৰ্মটো সম্পাদন কৰাৰ উদ্দেশ্যেৰে পায়েঙে ২০২১ চনত মেক্সিকোলৈ তিনিমাহৰ বাবে গমন কৰিব। এই বিদেশ-যাত্ৰা বছৰেকীয়া হ’ব। মেক্সিকোৰ পৰিৱেশ আৰু জলবায়ু ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহতহে গছ ৰোৱাৰ বাবে অনুকূল। পায়েংৰ এই কৰ্মত দেশখনৰ এক লাখ শিক্ষাৰ্থীয়ে প্ৰতি দিনাই অংশগ্ৰহণ কৰিব।