sangbad lahar logo

আজি অসমৰ প্ৰসিদ্ধ সাহিত্যিক মহেশ্বৰ নেওঁগৰ মৃত্যু তিথি

ডিজিটেল ডেস্ক : সংবাদ লহৰ :- ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত জন্ম গ্ৰহণ কৰা “অন্ত্যজা” কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা বোঁৱাই অনা মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক , কবি , প্ৰাচ্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন । তেওঁ সম্পাদনাৰ কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি । তেওঁৰ ৰচনাৰাজিৰ মাজেদি পৰিস্ফুট হয় তেওঁৰ জ্ঞানৰ মহত্তম সীমা ।
শ্ৰীশ্ৰী শংকৰদেৱ(১৯৫১), ডাৱৰৰ সিপাৰে ধুনীয়া দেশ(১৯৪৮), পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি(১৯৫৭), অসমীয়া গীতি সাহিত্য(১৯৫৮),
অসমীয়া প্ৰেমগাথাঁ(১৯৫৮), ইত্যাদিৰ উপৰিও ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰি অসমীয়া কাব্য জগতক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল তেওঁ । লগতে “পদ্মশ্ৰী” ‘শংকৰদেৱ বঁটা” ৰ উপৰিও বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল তেওঁ।
অৱশেষত ১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰত তেখেতৰ মৃত্যু হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *