আজি অশোকাষ্টমী…..

১ নং ধুপুৰী মানাহ নদীৰ আনন্দময় ধামত হাজাৰ হাজাৰ ভক্তৰ সমাগম। পাঁচদিনীয়াকৈ চলিব এই বাসন্তী পূজা ও মেলা।বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত পাতিলাদহাৰ ১ নং ধুপুৰী মানাহ নদীত আনন্দময় ধামত অশোকাষ্টমী ও বাসন্তী পূজা উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ১৯৫২ চনত স্থাপিত হোৱা আনন্দময় ধামত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে বাসন্তী পূজা। এই বেলিও পাচ দিনীয়াকৈ অনুষ্ঠিত হব পূজা ও মেলা।

আজি ৰাতিপুৱাৰে পৰা শ্ৰাদ্ধ, পিণ্ড বিসৰ্জন ও গঙ্গাচানৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। সম্ৰাট অশোকৰ ৰাজত্বৰ পৰা আৰম্ভ হোৱা অশোকাষ্টমী ও গঙ্গা চান প্ৰথা আজি পৰ্য্যন্ত পৰম্পৰাগত ভাবে চলি আছে। হিন্দু ধৰ্মৰ পুৰাণ ত এক প্ৰবাত আছে যে অশোকাষ্টমীৰ দিনা মৃতকৰ পিণ্ড বিসৰ্জন দিলে আত্মাই স্বৰ্গগামী হৈ চিৰশান্তি লাভ কৰে। লগতে গংগাত স্নান কৰিলে বিগত দিনৰ পাপ মোছন হয় বুলি বিশ্বাস কৰে। পাচদিনীয়া কৈ অনুষ্ঠিত হোৱা পূজা ও মেলাত আয়োজক সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে বিচাৰি, অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে। শতবৰ্ষ গৰকা আনন্দময় ধামৰ উন্নতি কল্পে আৰ্থিক অনুদানৰ আহ্বান জনাইছে।