Skip to content
আজি অভিৰুচি ক্ৰীড়া দিৱস ।
ডিজিটেল ডেস্ক—অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন। তেওঁৰ জন্মদিন উপলক্ষে আয়োজিত হয় এই ক্ৰীড়া দিৱসৰ । ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক আছিল অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা , লগতে তেওঁৱেই আছিল অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া।ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত । ১৯৬৬ চনত বেংককত অনুষ্ঠিত হোৱা এচিয়ান গেমছৰ তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে । এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁৱেই আছিল প্ৰথমজন অসমীয়া।১৯৬৬ চনতে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় । চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰৰ দিনটো তেখেতৰ জন্মদিনটো অভীৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ।