
নিউজ ডেস্ক: আজি তিনি চেপ্তেম্বৰ । তিনি চেপ্তেম্বৰ দিনটোতে ৰাজ্য জুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ।অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যত অতি উলহমালহেৰে পালন কৰি অহা হৈছে যদিও যোৱা দুটা বছৰ কভিড সৃষ্ট পৰিস্থিতিৰ বাবে এই দিৱস পালনত কিছু ব্যাঘাত জন্মিছে।সমগ্ৰ ৰাজ্যৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মস্থান শিৱসাগৰতো আজি বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাৱৰ উদ্যোগত আয়োজন কৰা অভিৰুচি ক্ৰীড়া দিৱসত সমুহীয়া দৌৰ কাৰ্যসূচীৰ লগতে কিম্বদন্তী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত গামোচা পিন্ধাই সন্মান প্ৰদৰ্শণ কৰে।
উল্লেখযোগ্য যে ৰাজ্যৰ এজন প্ৰথিতযশা খেলুৱৈ তথা প্ৰশিক্ষক ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনতে এচিয়ান গেমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত আঠশ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি ৰাজ্যৰ প্ৰথম জন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ সোনৰ পদক প্ৰাপ্ত খেলুৱৈ হিচাপেও পৰিগণিত হৈছিল ।