
অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোৱৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি ১৩টাকৈ বৰ্ষ সম্পূৰ্ন কৰিলে।মূহূৰ্ততে ছাৰখাৰ হৈছিল বহুতৰে সোনোৱালী সপোন।বহুতেই আকৌ অকাল মৃত্যুক লৈছিল আকোঁৱালি।বহুতেই আকোঁৱালি ল’লে চিৰদিনৰ বাবে পংগুত্ব।সেইয়ে এই অভিশপ্ত দিনটোক সুঁৱৰি এই দিনটোক পালন কৰা হয় কলা দিৱস হিচাপে।

শিশুকে ধৰি ৮০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱা নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তোভোগী পৰিয়ালৰ লগতে প্ৰত্যোকগৰাকী মানবদৰদী লোকৰ অন্তৰত শোকৰ উদ্বেগ সৃষ্টি কৰে।প্ৰতিবছৰে ৩০ অক্টোৱৰৰ দিনটোত নিহত হোৱা এই নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি ৰাজ্যৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰত্যোক বৰ্ষতে কৰি আহিছে এই প্ৰাৰ্থনা।
হত্যা ,হিংসা, অপহৰণ আৰু ধৰ্ষণৰ কবলত পৰা ৰাজ্যক সকলো ফালৰ পৰা মুক্তি কামনা কৰি সকলোৰে মাজত একতা আৰু ভ্ৰাতৃত্ববোধ জাগ্ৰত হওঁক আমাৰ ফালৰ পৰায়ো এয়েই কামনা।