Skip to content
ডিজিটেল ডেস্ক সংবাদ লহৰ– বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন দিনত ‘অভিযন্তা দিৱস (Engineer’s day) উৎযাপন কৰা হয় তাৰ সমান্তৰাল ভাবে ভাৰততো উৎযাপন কৰা হয় এই অভিযন্তা দিৱস ৷ আজিৰ এই বিশেষ দিনটোতে সোঁৱৰন কৰা হয় বিজ্ঞানী সকলৰ কৰ্মৰাজিক , আৰু সেইহেঁতুকে তেওঁলোকৰ শ্ৰদ্ধা জনোৱাৰ লগতে শুভেচ্ছা জনাবলৈ প্ৰতিবছৰে পালন কৰা হয় এটি বিশেষ দিন । ১৯৬৭ চনৰ পৰা এটা বিশেষ দিনক কেন্দ্ৰ কৰি ভাৰততো উৎযাপন কৰি অহা হৈছে ‘অভিযন্তা দিৱস’ । প্ৰখ্যাত অভিযন্তা ছাৰ মোক্ষগুণদাম বিশ্বেশ্বৰায়া দেৱৰ সন্মানৰ্থে , তেওঁৰ জন্মদিনটোক অৰ্থাৎ ১৫ চেপ্তেম্বৰ দিনটো ভাৰতবৰ্ষত ‘অভিযন্তা দিৱস’ হিচাপে উৎযাপন কৰা হয় ৷ এজন সুদক্ষ অভিযন্তাৰ লগতে আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপেও মোক্ষগুণদাম বিশ্বেশ্বৰায়া দেৱক জনা যায় ৷ নিজস্ব কৰ্মৰাজীৰ লগতে চিন্তাৰে ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজক আটাইতকৈ প্ৰভাৱাম্বিত কৰা এমুঠিমান বিৰল ব্যক্তিত্বৰ ভিতৰত মোক্ষগুণদাম বিশ্বেশ্বৰায়া দেৱো আছিল এজন বিশেষ ব্যক্তি ৷ ভাৰতবৰ্ষৰ পৰিকল্পনা , শিক্ষা , ‘উদ্যোগীকৰণ’ৰ আদি বহুদিশত তেওঁৰ অৱদান আছিল অতুলনীয় ! সমাজক আগুৱাই নিয়াৰ ক্ষেত্রত বিজ্ঞান আৰু বিজ্ঞানীৰ অৱদান সদায়ে স্মৰনীয় ।
সেইহেঁতুকে আজিৰ এই বিশেষ দিনটোত প্ৰতিজন বিজ্ঞানীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মোক্ষগুণদাম বিশ্বেশ্বৰায়া দেৱক সশ্রদ্ধ প্ৰণাম ।