sangbad lahar logo

আজিৰ দিনটো সমগ্ৰ বিটিচিত শোক পালন কৰা হ’ব : নিলোৎপল স্বৰ্গিয়াৰী

নিশাৰ পৰাই অসংখ্য গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে বৰঙ্গাজুলি সত্ৰত ।হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যুত কেৱল ডিমাকুছিতেই নহয় সমগ্ৰ অসমত শোকৰ ছাঁ পেলায় । ব্যঙ্গাজুলি সত্ৰতে ৯৭ বছৰ বয়সত তেখেতৰ মৃত্যুক আকোঁৱালি লয় ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতায় । তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্য তথা বিটিচিৰে এক বৃহৎ অপুৰণীয় ক্ষতি হোৱা বুলি কয় বিটিচিৰ কাৰ্যবাহী সদস্য নিলোৎপল স্বৰ্গিয়াৰীয়ে । হৰেকৃষ্ণ মহন্ত আতা কেৱল এগৰাকী সত্ৰাধিকাৰে নহয় তেখেত মানৱ সমাজৰ প্ৰতিটো সামাজিক কৰ্মতে আগ্ৰহী আগভাগ লোৱা বাবে সকলোৰে প্ৰিয় হৈ পৰিছিল । ভাৰত ভূটান সীমান্তত তেখেতে ৩৩ খনকৈ সত্ৰ নামঘৰ প্ৰতিষ্ঠা, ডিমাকুছি অঞ্চলত বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক আছিল । সমাজখনক এনাজৰীৰে বান্ধি ৰখা , জ্বলি থকা মমবাতি এডাল হঠাতে নুমাই গ’ল । মৃত্যুৰ আগমুহুৰ্তলৈকে কেইবাটাও বঁটা সন্মাণেৰে সম্মানিত মহন্ত আতাৰ মৃত্যুত অঞ্চলতোত শোকৰ ছাঁ পেলায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *