Skip to content
আজিৰে পৰা শিৱসাগৰত ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰম্ভ।
Home - Local News - আজিৰে পৰা শিৱসাগৰত ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰম্ভ।
সংবাদ লহৰ/ডিজিটেল ডেস্কঃ– ঐতিহ্যমণ্ডিত শিৱসাগৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা অসম প্ৰদেশ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় শিৱসাগৰ জিলাৰ অ’এনজিচি কলনিৰ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত । ৩,৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। এই সভাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। দলৰ নেতা কৰ্মীয়ে আদৰণি জনায় দুয়োকেই। মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক বিশেষ পূজাত অংশ লোৱা দেখিবলৈ পোৱা যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্তই পতকা উত্তোলন কৰি এই কাৰ্যনিৰ্বাহক সভাৰ উদ্ধোধন কৰে। কালিলৈ অৰ্থাৎ ৪ অক্টোবৰত এই সভাত উপস্থিত থাকিব শিক্ষা, স্বাস্থ্য , বিত্ত তথা গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাজনো মন্ত্ৰীয়ে ।
111 Comments