
কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মে’ৰ পৰা বন্ধ ৰখা হৈছিল ৰোপৱে’ সেৱা।আজিৰে পৰা পুনৰ আৰম্ভ হ’ল গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ৰোপৱে’ সেৱা। পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব এই সেৱা। কোভিড প্ৰট’কল মানি উঠিব পাৰিব যাত্ৰীসকল। আনহাতে, পুনৰ আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি কৰা হৈছে ৰোপৱে’ ভাড়া। অহা–যোৱাৰ বাবে পুৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে এতিয়া দিব লাগিব ১৫০ টকা। এবাৰ পাৰ হোৱাৰ বাবদ ৬০ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি কৰা হৈছে ভাড়া। কিন্তু তিনি বছৰৰ পৰা বাৰ বছৰৰ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে। বিশেষভাবে সক্ষম লোকৰ ভাড়া সম্পূৰ্ণ ৰেহাই। জি এম ডি এই এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে।