ঐতিহাসিক গোভা দেউ ৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওঁশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে এই মেলাৰ আৰম্ভণি হয়। পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱথানত কণী কাটি বিষয়ববীয়াসকলে মাংগলিক পূজা অৰ্চনা কৰে। ইয়াৰ পিছতে মেলাথলীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাঘ বিহুৰ পিছৰ সপ্তাহত জাগীৰোডস্থিত জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই জোনবিল মেলাৰ আজি প্ৰথম দিনা পাহাৰৰ মামা-মামী মেলাথলীত আহি উপস্থিত হ’ব।
দৰাচলতে, জোনবিল মেলাত পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে পাহাৰত উৎপাদিত বিভিন্ন খাদ্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, লাৰু, কেচা মাছ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰাৰ এক পৰম্পৰা আছে। কালি কাহিলি পুৱাতে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা, পিঠা, সান্দহ, কেচা মাছ, শুকান মাছ আদি। ইয়াকে লৈ জাগীৰোডৰ জোনবিলৰ পাৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।