sangbad lahar logo

আজিৰে পৰা চলাচল আৰম্ভ হ’ল এটা ইঞ্জিন যুক্ত ফেৰী…

যোৱা ৮ চেপ্তেম্বৰ তাৰিখে ব্ৰক্ষ্মপুত্ৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিছিল এটা ইঞ্জিন যুক্ত ফেৰী সেৱা । দূৰ্ঘটনা সংঘটিত হোৱা আজি এমাহ পাৰ হ’ল আৰু আজিৰ পৰা আকৌ চলাচলৰ আৰম্ভ হৈছে এটা ইঞ্জিন যুক্ত ফেৰী সেঁৱা । পুৱা ৭ বাজি ৩০ মিনিটত কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাট অভিমুখে চলাচল হ’ল এটা ইঞ্জিন যুক্ত ফেৰী । এটা ইঞ্জিন যুক্ত ফেৰী খনে ১০০ জন যাত্ৰীৰ সৈতে ৩ খন চাৰিচকীয়া বাহন আৰু ২০ খন দুচকীয়া বাহনৰ সৈতে নিমাটীলৈ যাত্ৰা কৰিলে । এই ফেৰীত থকা সকলো কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হে এটা ইঞ্জিন যুক্ত ফেৰী চলাচল কৰিবলৈ দিছে বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *