
বিশ খনতকৈও অধিক ৰাস সমিতিয়ে ৰাস উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিশ্বনাথত৷ এই উপলক্ষে বিশ্বনাথৰ অন্যতম বৃহত্তৰ লেহুগাও সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা আজি স্থাপন কৰা হয় ৷ কেইবা শতাধিক লোকৰ উপস্থিতিত। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ জৰিয়তে আয়তিৰ উৰুলি আৰু গায়ন-বায়নৰ প্ৰসংগৰ জৰিয়তে বৃহত্তৰ লেহুগাও সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় ৷ বিংশ বাৰ্ষিক বৃহত্তৰ লেহুগাও সাৰ্বজনীন ৰাস মহোৎসৱখনি এইবেলি অহা ১৭,১৮ আৰু ১৯ নবেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসুচীৰে আয়োজন কৰা হৈছে ৷ ১৭ নবেম্বৰত তাৰিখে ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ বিপৰীতে ১৮ আৰু ১৯ নবেম্বৰ তাৰিখে শ্ৰীকৃষ্ণৰ কেলিগোপাল নাট মনস্হ কৰা হ’ব৷ বিগত বৰ্ষত ক’ভিড পৰিস্থিতিৰ বাবে ৰাস উদযাপন কৰিব পৰা নগ’ল যদিও চলিত বৰ্ষত সম্পূৰ্ণ ক’ভিড বিধি মানি ৰাস উদযাপন কৰা হব বুলি জানিবলৈ দিয়ে বৃহত্তৰ লেহুগাও ৰাস মহোৎসৱৰ সভাপতি দিপক হাজৰিকাই ৷