পুৰুষ আই পি এলৰ অভূতপূৰ্ব সাফল্যৰ পাছত বি চি চি আয়ে অনুষ্ঠিত কৰিব মহিলা আই পি এল। মহিলা ক্ৰিকেটাৰসকলক লৈ অনুষ্ঠিত হ’ব এই মহিলা আই পি এল। এই আই পি এলতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম কন্যা তথা মঙলদৈ গৌৰৱ জিণ্টিমণি কলিতা।
প্ৰতিভাৱান ক্ৰিকেটাৰ জিন্টিমণিক মুম্বাই ইণ্ডিয়ানছ দলে ১০ লাখ টকাত ক্ৰয় কৰে। উল্লেখ্য যে, মঙলদৈৰ শান্তিপুৰৰ নিবাসী নকুল কলিতা আৰু শেৱালী কলিতাৰ একমাত্ৰ কন্যা জিণ্টিমণি কলিতা।
মুম্বাই ইণ্ডিয়ানছৰ দৰে দলত স্থান লাভ কৰি অসমৰ লগতে দৰঙৰ মঙলদৈ লৈ গৌৰৱ কঢ়িয়াই আনে জিণ্টিমণিয়ে।