sangbad lahar logo

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অধ্যাপক ড০ চন্দন মহন্তই  । 

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান , গুৱাহাটীৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপকগৰাকী দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ।

এপল’ ইন্টাৰনেশ্যনেল হাস্পাতালৰ ক্ৰিটিকেল কেয়াৰত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ তেওঁ হাস্পতালৰ পৰা আই আই টি চৌহদত থকা আৱাসগৃহলৈ গৈছিল আৰু তাতেই আজি পুৱাৰ ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে, তেওঁ গ্লাইঅ’ব্লাষ্টামা মাল্টিফৰ্ম নামৰ এক ব্ৰেইন টিউমাৰজনিত ভয়ানক ৰোগত আক্ৰান্ত হৈ আছিল ।

Related Articles