sangbad lahar logo

অৰ্থৰ অভাৱৰ বাবে থমকি ৰৈছে ৰহাৰ বাৰপূজীয়াৰ এগৰাকী প্ৰবীণ সুদক্ষ খেলুৱৈ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ খেলিবলৈ আৰ্থিক সংকটত ভুগিছে খেলুৱৈ গৰাকীয়ে । ৮ ডিচেম্বৰত ফিলিপাইনত অনুষ্ঠিত হ’ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ প্ৰমিলা দাসে বিচাৰিছে চৰকাৰৰ সহায় ।

নিজৰ দক্ষতাৰ বলত জিলা পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰ আৰু লংজাম্প খেলত সোণ-ৰূপৰ পদক বুটলি শেহতীয়াকৈ সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ খেলিবলৈ । কিন্তু অৰ্থনৈতিক অভাৱে চিন্তাত পেলাইছে প্ৰবীণ খেলুৱৈগৰাকীক । ৰহাৰ বাৰপূজীয়াৰ ন পুখুৰী পাৰৰ সুদক্ষ প্ৰবীণ খেলুৱৈ প্ৰমিলা দাস । দিন হাজিৰা কৰি পেটৰ ভাত মোকলোৱা পৰিয়ালটোৰ পাকঘৰ গৃহিণী এইগৰাকী প্ৰমিলা দাস । কিন্তু প্ৰমিলা দাসৰ আছিল খেলৰ প্ৰতি অত্যন্ত দুৰ্বলতা । ২০১৯ চনত প্ৰমিলা দাসে মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা এখন এথলেটিক্স খেলত  কৰিছিল অংশগ্ৰহণ। তাৰ পাছৰ পৰা যেন পদকৰ বাবে উভতি চাব লগা হোৱা নাছিল খেলুৱৈ গৰাকীয়ে । জিলা , ৰাজ্যিকৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰি লাভ কৰিবলৈ সক্ষম হৈছিল সোণ ৰূপ আৰু ব্ৰঞ্জকে আদি কৰি বহুসংখ্যক পদক । নগাঁও, মৰিগাঁও, গোলাঘাট,দিল্লী, মণিপুৰ, কলিকতাকে আদি কৰি ভাৰতৰ বিভিন্ন স্থানত নিজ পাৰদৰ্শিতাৰে কৰিছিল পদক জয় । কিন্তু শেহতীয়াকৈ প্ৰমিলা দাসে সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ এথলেটিক্স দৌৰ আৰু  লং জাম্প খেলিবলৈ । কিন্তু আজি যেন কিছু ক্ষেত্ৰত থমকি ৰৈছে উদ্যমী খেলুৱৈগৰাকী । স্বামী এগৰাকী সাধাৰণ কৰ্মী । দিনহাজিৰা কৰি কোনোমতে ঘৰখন চলা প্ৰমিলা দাস বৰ্তমান আৰ্থিক সংকটতৰ বলি হৈছে । সুদক্ষ দৌৰ আৰু লংজাম্পৰ খেলুৱৈ প্ৰমিলা দাসে বিগত সময়ত চুবুৰী আৰু গাঁৱৰ ৰাইজৰ সহায়ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে । কিন্তু বৰ্তমান অৰ্থনৈতিকভাৱে জুৰুলা ঘৰখন সক্ষম নহয় প্ৰমিলাক আন্তঃৰাষ্ট্ৰীয় খেলখনত অংশগ্ৰহণ কৰাত সহায় কৰিবলৈ । জানিব পৰামতে অহা ৮ ডিচেম্বৰত ফিলিপাইনত অনুষ্ঠিত হ’ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ অংশগ্ৰহণ  কৰিবলৈ প্ৰমিলা দাসে বিচাৰিছে চৰকাৰৰ সহায় । কিন্তু এই সুদক্ষ খেলুৱৈগৰাকীক সহায়ৰ হাত আগবঢ়াব নে অসম চৰকাৰে নে আৰ্থিক অভাৱৰ বাবে এইখিনিতে হেৰাই যাব অসমৰ এগৰাকী সুদক্ষ দৌৰ আৰু লংজাম্পৰ খেলুৱৈ, সেইয়া সময়ত লক্ষণীয় হ’ব ।

Related Articles