
অসমৰ এটি উজ্জ্বল নাম আছিল অৰ্চনা মহন্ত । আত্মিক তাড়নাতে এইগৰাকী শিল্পীয়ে যেন সংগীতৰ এই ক্ষেত্ৰখনক আগুৱাই নিবলৈকে জন্ম হৈছিল । এটা দিন আছিল , বিহুৰ মঞ্চত উঠিলে সময়েও পাহৰি গৈছিল ‘সময়’।
কিন্তু আজি সময় হৈ পৰিল নিষ্ঠুৰ ।
অসমীয়া গ্ৰাম্য জীৱনৰ লোক সংগীতক চহকী কৰি অৰ্চনা মহন্ত গল গৈ গ’ল । সুৰৰ মায়াজালেৰে বন্দী কৰিছিল শ্ৰোতা-দৰ্শকক ।
কেৱল গানতেই নহয় , গীতৰ মাধ্যমেৰে চলিছিল সমাজখনৰ অন্তৰংগ আলাপ । কেতিয়াবা যদি গাইছিল- ৰং কাঢ়িলি , মন কাঢ়িলি , কেতিয়াবা আকৌ ৰিঙা ৰিঙা উদং ৰাতি – কাঢ়ি নিলি ঘুমটি । চকুত জ্বলি উঠা বুকুৰ লাজৰ উমৰ জুই সুৰ হৈ তেওঁৰ কন্ঠত জ্বলি উঠিছিল ।
শিপিনীৰ কেঁচা ৰঙৰ ৰদৰ ৰেঙনি, মাকো মহুৰাৰ খেল গীতৰ মাজত জীৱন্ত ৰূপ দিছিল শিল্পী গৰাকীয়ে । কি নাছিল এই গীতবোৰত ! তেওঁৰ কন্ঠতেই নিগৰিছিল বাঁহৰ কাঠি তুলাই বাঢ়নি সাজি ধল পুৱাতে চোতাল সৰা ন-বোৱাৰীৰ সেই দিনবোৰ ।
কিন্তু ,
কোৰোনা সংকটৰ মাজতেই আজি এটি দুঃখবৰে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য । অনুৰাগী সকলৰ হাঁহিমুখীয়া মুখ হৈ পৰিল নিমিষতে ম্লান । আমাৰ মাজৰ পৰা হেৰাই গ’ল সুকন্ঠি শিল্পী অৰ্চনা মহন্ত , সাংস্কৃতিক জগতখনো যেন হৈ পৰিল এতিয়া উকা উকা । প্ৰাৰ্থনা জনাইছে ৰাজ্যবাসীয়ে । জীৱনমুখী চেতনাৰে , সমাজমুখী দায়ৱদ্ধতাৰে জীৱন-সমাজৰ গীত গাই লোকজীৱনক সমৃদ্ধশীল কৰি তোলা অৰ্চনা মহন্ত বাইদেউলৈ একাঁজলী অশ্ৰুশিক্ত অঞ্জলীৰ লগতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক সংবাদ লহৰৰ পৰিয়ালৰ ফালৰ পৰা আমিয়ো কৰিলোঁ নেদেখাজনৰ ওচৰত তাৰেই প্ৰাৰ্থনা।