sangbad lahar logo

অৰুণাচলৰ দেওমালিত অঘটন । কৰ্মৰত অৱস্থাত গছ উভালি পৰি ২ জন শ্ৰমিকৰ মৃ.ত্যু. ।  ৫ জন আহত শ্ৰমিকৰ জীৱনকলৈ হেতালি ।

জিঅ পি অইল চাৰ্ভে নামৰ তৈল অন্বেষণকাৰী সন্থাটোৰ শ্ৰমিকৰ জীৱনক লৈ তিলমানো যে দ্বায়িত্ব নাই সেইয়া এক দুৰ্ঘটনাই প্ৰমাণ কৰিছে । অৰুণাচলৰ দেওমালিত তৈল অন্বেষণৰ কামত কৰ্মৰত হৈ থকা সময়তে এজোপা প্ৰকাণ্ড গছ উভালি পৰি থিতাতে ২ জন শ্ৰমিক নিহত হোৱাৰ উপৰিও ৫ গৰাকী শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় । মৃ. ত শ্ৰমিক দুজন ক্ৰমে মিনাকান্ত দেউৰী (২৪)আৰু দলেন্দ্ৰ দেউৰী (৪৫)। আইডন গ্ৰাম চিংফৌ আৰু জনৈক ৰাণা মালিকানাধীন জিঅ’ এলাইঞ্চ নামৰ তৈল অন্বেষণকাৰী সন্থাটোৱে এই বিষয়ে অৰুণাচল প্ৰদেশৰ আৰক্ষী প্ৰশাসনক অৱগত নকৰি গোপনে মৃ. ত শ্ৰমিক কেইজনৰ মৃ.ত দে.হ পৰিয়ালৰ লোকক চমজাই দিবলৈ চেষ্টা কৰিছিল । মৃ. ত দে. হ মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ চমজি ল’বলৈ পৰিয়ালে অস্বীকাৰ কৰাত মৃ.ত দে.হ নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাতে ৰাখি থোৱা হয় । ইপিনে দুজন শ্ৰমিক সামান্য আঘাতপ্ৰাপ্ত হয় । গুৰুতৰভাৱে আহত আন তিনিজনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও আঘাত গুৰুতৰ হোৱাত নিশাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । মৃ.ত দে.হ মৰোণোত্তৰ পৰীক্ষা কৰাৰ লগতে মৃ. ত শ্ৰমিকসকলৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ উপৰিও আহতসকলক চিকিৎসা ব্যৱস্থা কৰাব লাগিব বুলি প্ৰৱল দাবী জনায় স্থানীয় লোকৰ লগতে পৰিয়ালকেইটাই । অন্যথা তেওঁলোকে মৃ. ত দে. হ কোনোপধ্যেই চমজি নলয় বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

Related Articles